নগাঁওঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথা বন্ধ কৰাৰ বাবে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ অধিনৰ টুকটুকী আঞ্চলিক সমিতিৰ উদ্যোগত কটহগুৰি কলেজ খেল পথাৰত অৱসৰ প্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী আবুবক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত এই সমস্যা সমূহ সমাধানৰ পোষকতা কৰে সংগঠনটোৱে৷
সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আবুবক্কৰ ছিদ্দিকে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে, সংখ্যালঘু সমাজত বিশেষভাৱে শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাই গ্ৰাস কৰি আহিছে বুলি কয়। এই দুই প্ৰথাক যেতিয়ালৈকে নিঃশেষ কৰা নহয় তেতিয়ালৈকে সমাজত উন্নয়ন সাধন নহয়। শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথা বন্ধ কৰাৰ বাবে সকলোৱে ঐক্যবদ্ধ ভাৱে ওলাই আহিবলৈ আহিব লাগে বুলি কয়।