কাজিৰঙাঃ এগৰাকী সফল আৰক্ষী বিষয়া ৰূপে চৰ্চা লাভ কৰা আৰক্ষী বিষয়া দেৱেন বৰাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গামোচা পিন্ধাই সোমবাৰে৷ দুই মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে সফলতাৰে কাম কৰাৰ ববাে বৰাক মুখ্যমন্ত্ৰীয়ে শলাগ লৈ শুভেচ্ছা যাচে৷
যোৱা ৬ এপ্ৰিলত কাজিৰঙাত দেৱেন বৰাৰ নেতৃত্বত চলা অভিযানত সংঘৰ্ষত নিহত হৈছিল গঁড় চিকাৰী৷ চিকাৰীয়ে উদ্যানত প্ৰৱেশৰ পাছতেই গুলীত ধৰাশায়ী হৈছিল চোৰাং চিকাৰী৷ যাৰ বাবে আৰক্ষী বিষয়া দেৱেন বৰাই কৰি অহা কামৰ বাবে সোমবাৰে কাজিৰঙাত উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।