হোজাইঃ ৰাজ্যৰ প্ৰশাসনে নাৰী সুৰক্ষাৰ নামত যিমানেই ঢাক-ঢোল নবজাওক কিয়, কোনোপধ্যেই সুৰক্ষিত নহয় ৰাজ্যৰ মহিলাসকল৷ ৰাজ্যৰ বিভিন্ন স্থানত নাৰী নিৰ্যাতনৰ ঘটনা সংবাদ মাধ্যম যোগে প্ৰচাৰ হৈ থকাৰ সময়তে হোজাইৰ কাকীত পুনৰ সংঘটিত হ’ল আন এক নাৰী নিৰ্যাতনক ঘটনা৷
এইবাৰ নাৰীৰ নিৰ্যাতন চলাই নিজ বৃত্তিত কালিমা সানিলে শিক্ষকে৷ জানিব পৰা মতে, হোজাইৰ কাকীৰ চন্দ্ৰ ডেকা নামৰ শিক্ষকজনে নৱম শ্ৰেণীৰ এগকাৰী ১৪ বছৰীয়া ছাত্ৰীক শাৰীকিৰ আৰু মানসিক নিৰ্যানত চলায়৷