ডিজিটেল ডেস্কঃ ক্ৰমাত ৰহস্যজনক হৈ পৰিছে ২০০৫ চনৰ চোহৰাবুদ্দিন শ্বেখৰ ভূৱা সংঘৰ্ষ কাণ্ডৰ গোচৰ৷ শনিবাৰে এই কাণ্ডৰ তদন্ত সন্দৰ্ভত চিবিআইয়ে বিশেষ আদালতত হাজিৰ কৰোৱা দুগৰাকী সাক্ষীয়ে ভাষ্য সলনি কৰে৷ লগে লগে চিবিআই তদন্তত বিধি পথালি দি নিজৰ ভাষ্য সলনি কৰা সাক্ষীৰ সংখ্যা ৫২ জনলৈ বৃদ্ধি পায়৷
ভূৱা সংঘৰ্ষত তথ্য দিয়াৰ আশাৰে চিবিআইয়ে ৰফীক হাফিজ আৰু ফিৰোজ খান নামৰ দুজন লোকক বিশেষ চিবিআই ন্যায়ধীশ এচ জে শৰ্মাৰ সন্মুখত হাজিৰ কৰাইছিল৷ চিবিআইয়ে দাবী কৰিছিল যে এই দুজন সাক্ষীয়ে ভূৱা সংঘৰ্ষ সন্দৰ্ভত চিবিআইৰ আগত ভাষ্য প্ৰদান কৰিছিল৷