Home ৰাজ্যখেৰণি ভৰি পৰিব চৰলেং, বনচেলে, ফংৰং, ঠেংমু গছেৰে, পৃথিৱীক সেউজীয়া কৰিবলৈ সমিতি গঠন

খেৰণি ভৰি পৰিব চৰলেং, বনচেলে, ফংৰং, ঠেংমু গছেৰে, পৃথিৱীক সেউজীয়া কৰিবলৈ সমিতি গঠন

by News Desk
94 views
A+A-
Reset

খেৰণিঃ সমগ্ৰ বিশ্বই দেওবাৰে ধৰিত্ৰী দিৱস পালন কৰে৷ প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কে বিশ্বজুৰি সচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতিবছৰে ২২ এপ্ৰিলত সমগ্ৰ বিশ্বতে পালন কৰা হয় ধৰিত্ৰী দিৱস। অসমতো বিভিন্ন প্ৰান্তত উদযাপিত হৈছে এই দিৱস। কাৰ্বি পাহাৰৰ খেৰণিত বন বিভাগ ৰাজহুৱা সভা অনুষ্ঠিত কৰি ধৰিত্ৰী দিৱস পালন কৰে। সমাজসেৱক ক্লেন্দুন টেৰণৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্বয়ং বন বিষয়া চন্দ্ৰ ছিং তিচ্ছ, চিকিৎসক ডা০ জয়ধন তিমুং, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰেনছিং বে’, সমাজসেৱক ধনছিং ডেৰা, বুলেশ্বৰ ইংহি, ধনিৰাম ইংতি, বাবুচনা বৰবৰাকে ধৰি বিভিন্ন গাঁৱৰ মুৰব্বী, গাওঁবুঢ়া উপস্থিত থাকে। 

সভাত সকলো জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি ৰক্ষাৰ ক্ষ্ষেত্ৰত গভীৰ চিন্তা ব্যক্ত কৰা হয়। প্ৰাচীন কালৰে পৰা আজিলৈকে উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা জাতি-জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে ঈশ্বৰক পূজা অৰ্চনা কৰিবলৈ বিভিন্ন গছ-গছনিৰ পাত, ফুল অথবা ফল আদি ব্যৱহাৰ কৰি আহিছে আৰু এনেবোৰ পূজা উৎসৱ আদিৰে নিজৰ আধ্যাত্মিক বাতাৱৰণ, পৰম্পৰাগত ৰীতি-নীতি, কৃষ্টি-সংস্কৃতিক জীয়াই ৰখাৰ চেষ্টা কৰি আহিছে অসমীয়া সমাজে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0