নগাঁওঃ সংখ্যালঘু এলেকাত শিক্ষাৰ উন্নয়ন আৰু বাল্য বিবাহ ৰোধ কৰাৰ বাব কাম কৰি অহা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দেওবাৰ নগাঁৱৰ বালুচৰস্থিত ব্ৰহ্মপুত্ৰ ভেলী জুনিয়ৰ কলেজত এখন সভা অনুষ্ঠিত কৰে৷ সংগঠনটোৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত বৰালিমাৰী-ফুৰহানিআটী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় সভা খন৷
বিশিষ্ট সমাজকৰ্মী মাইনুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আবুবক্কৰ ছিদ্দিক উপস্থিত থাকি শিক্ষা এটা জাতিৰ মেৰুদণ্ড, শিক্ষাৰ মাধ্যমৰে হে আমাৰ সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰিব লাগিব বুলি কয়।