কোকৰাঝাৰঃ প্ৰিয়া বসুমতাৰীৰ হত্যাকাণ্ডকে ধৰি বিটিএডিত সংঘটিত হোৱা কেবাটাও হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা অসম আৰক্ষীৰ মষ্ট ওৱাণ্টেণ্ট এনডিএফবিৰ দুধৰ্ষ নেতা জি.বিদাই আৰু বাথাৰ সন্ধানত ভাৰতীয় সেনাবাহিনীয়ে সোমবাৰে মানাহৰ ঘন বনাঞ্চল আৰু ৰিপু চিৰাং বনাঞ্চলত ব্যাপক অভিযান আৰম্ভ কৰিছে।
অসম আৰক্ষীৰ মষ্ট ওৱাণ্টেড আৰু বহু দুৰ্ষ্কাৰ্যৰ সৈতে জড়িত এনডিএফবি(এচ)ৰ দুধৰ্ষ নেতা জি.বিদাই আৰু বাথাক জীৱন্তে কৰায়ত্ব কৰিবলৈ অসম আৰক্ষী তথা সেনাবাহিনীয়ে ইয়াৰ পূৰ্বেও কেইবাৰো অভিযান চলাইছিল যদিও প্ৰতিবাৰেই নিৰাপত্তাৰক্ষীৰ বেহু ফালি পলাই সাৰিবলৈ সক্ষম হৈছে। এনডিএফবি(এচ)ৰ অতি চতুৰ আৰু দুই দুধৰ্ষ নেতাৰ সন্ধানত মানাহৰ ঘন জংঘল আৰু ৰিপু-চিৰাং বনাঞ্চলত এচএচবিৰ সহযোগত সেনাই অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখাপৰলৈকে ঈস্পিত ফলাফল লাভ কৰা নাই।