ডিজিটেল ডেস্কঃ মাহাৰাষ্ট্ৰত মাওবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান অব্যাহত আছে৷ ২২ এপ্ৰিলৰ পুৱাৰে পৰা চলা অভিযানত এতিয়ালৈ ৩৩ গৰাকী মাওবাদী নিহত হৈছে৷ আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হৈছে আটাইকেইজন মাওবাদী৷ মহাৰাষ্ট্ৰৰ গাঢ়চিৰোলি জিলাত এই পৰ্যন্ত অভিযান অব্যাহত আছে৷
সোমবাৰে একেটা এলেকাৰে ঝিমলাগদ্দাৰ ৰাজাৰাম কনহিলা গাঁৱত নিৰাপত্তৰক্ষীৰ সৈতে সংঘৰ্ষত ৬গৰাকী মাওবাদী নিহত হয়৷ প্ৰথমে দিনটোত অৰ্থাৎ দেওবাৰে দিনৰ ভাগত চিআৰপিএফ আৰু কমাণ্ডুৱে যুটীয়া অভিযান চলােৱাৰ কালত ১৬ গৰাকী মাওবাদী নিহত হয়৷ ১৬ গৰাকীৰ ভিতৰত মাওবাদীৰ শীৰ্ষ নেতা কমাণ্ডাৰ চাইনাথ, চিনু আৰু মহিলাও আছিল৷