ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্য কৰি সময়ে সময়ে বাতৰিৰ শিৰোনামা দখল কৰা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা বিনয় কতিয়াৰে কৰা এক মন্তব্যই সমগ্ৰ দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মঙলবাৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে সাংবাদিকৰ আগত ৰাম মন্দিৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে যদি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় ৰাম মন্দিৰৰ সপক্ষে নহয়, তেন্তে আত্মবলিদানেৰে ইতিহাস ৰচনা কৰিব বিজেপিয়ে৷ তেওঁ ইয়াকো কয় যে উচ্চতম ন্যায়লয়ে ৰাম মন্দিৰ কাণ্ডৰ ৰায় প্ৰদান নকৰা পৰ্যন্ত আত্মবলিদান কোনো ধৰণৰ কাৰ্যত সংযুক্ত নহয়৷