গুৱাহাটীঃ মহানগৰীত চলিছে চোৰৰ উপদ্ৰৱ৷ বিহুৰ বতৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলায় সন্ত্ৰাস৷ মঙলবাৰে নিশা মহানগৰীৰ হেঙেৰাবাৰীৰ কালীমন্দিৰৰ সমীপৰ ত্ৰিৰংগা পথত থকা জিন্টু কাকতি নামৰ লোকজনৰ বাসগৃহত চোৰ প্ৰৱেশ কৰে৷ নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে অভিযান চলাই বহু সোণৰ আ-অলংকাৰৰ লগতে কেইবাপদো মূল্যবান সামগ্ৰী লুটি লৈ যায়৷
ইফালে জিন্টু কাকতিৰ ঘৰত ভাড়াতীয়া হিচাপে থকা সাংবাদিক মন্টু কুমাৰ শইকীয়াৰ ঘৰতো চোৰে প্ৰৱেশ কৰি কেইবাপদো মূল্যবান সামগ্ৰীৰ লগতে নগদ ৪৫০০ টকা লুট কৰি নিয়ে৷ নিশা দুয়োখন ঘৰৰ পৰিয়ালে হেঙেৰাবাৰীত বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ যাওতেই চোৰে এই কাণ্ড সংঘটিত কৰে৷ ইফালে জানিব পৰা মতে কিছুদিন পূৰ্বেও জিন্টু কাকতিৰ ঘৰত চোৰে লুটপাত চলাইছিল৷