কাজিৰঙাঃ অহা ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী বন্ধ কৰা হৈছে। বৰষুণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ককাজিৰঙাৰ বন কৰ্তৃপক্ষই বুধবাৰে এই কথা ঘোষণা কৰে। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, প্ৰতিকুল বতৰ আৰু বাৰিষাৰ আৰম্ভণিৰ বাবেই অহা ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰি বন্ধ কৰা হৈছে।
ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই স্বাক্ষৰ কৰা বিবৃতিত পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই নিৰ্দেশ বলৱৎ হৈ থাকিব বুলি কয়। উল্লেখ্য যে, বিগত বৰ্ষৰ ২ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল হাতী ছাফাৰী।