ডিজিটেল ডেস্কঃ দিল্লীৰ ওচৰৰ গাজিয়াবাদৰ এখন মাদ্ৰাছাত এগৰাকী ১০ বছৰীয়া নাবালিকা ধৰ্ষণত হাত থকাৰ সন্দেহত এগৰাকী মৌলবীক শনিবাৰে দিল্লী আৰক্ষীয়ে আটক কৰবলৈ সক্ষম হয়৷ যোৱা এসপ্তাহ পূৰ্বে এজন নাবালক কিশোৰে দিল্লীৰ গাজিপুৰৰ এগৰাকী ১০ বছৰীয়া নাবালিকাক অপহৰণ কৰি মাদ্ৰাছাৰ ভিতৰত ধৰ্ষণ কৰা ঘটনাত মৌলবীজনো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷
শুকুৰবাৰে এই ঘটনাৰ তদন্ত অপৰাধ নিয়ন্ত্ৰন শাখাক প্ৰদান কৰা হৈছিল৷ তাৰ পিছতেই অপৰাধ নিয়ন্ত্ৰণ শাখাৰ সংযুক্ত আয়ুক্ত আলোক কুমাৰৰ তদন্তৰ পিছত মৌলবী গুলাম শাহিদক আটক কৰা হয়৷ আলোক কুমাৰে কোৱা অনুসৰি মৌলবী গুলাম শাহিদে ১০ বছৰীয়া নাবালিকাগৰাকীৰ ধৰ্ষণ সন্দৰ্ভত সকলো কথা জানিছিল৷ তেওঁক পস্কো আইনৰ অধীনত আটক কৰি সোধ পোছ কৰা হৈছে৷