গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰাজ পথত একাংশ ঠিকাদাৰ আৰু ব্যৱসায়ীৰ অবৈধভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ অতপালি অব্যাহত আছে৷ ভাৰত-ভূটান সীমান্তৰ বগামাটিৰ পৰা শিল-বালি কঢ়িওৱা ডাম্পাৰে এতিয়া যেতিয়াই ইচ্ছা তেতিয়াই বিপদ সংঘটিত কৰিব পাৰে৷ গোৰেশ্বৰৰ পৰা দৰং-কামৰূপ, নলবাৰী জিলালৈ শিল-বালি কঢ়িয়াই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ডাম্পাৰ-ট্ৰাক সমূহে৷
গোৰেশ্বৰৰ ৰাইজে অতিষ্ঠ হৈ পৰিছে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ বাবে। শনিবাৰে পুৱাই নাওকাটা দিশৰ পৰা বাইহাটা চাৰিআলি অভিমুখে আহি থকা এএচ-২৫-চিচি-৬২৯৩ নম্বৰৰ ডাম্পাৰখনে গোৰেশ্বৰ ৰেল গেটৰ সমীপৰ দুখন ব্যৱসায় প্ৰতিষ্ঠানত খুন্দা মাৰে। অৰুণ ৰয়ৰ ৰয় ইলেক্ট্ৰ’ ফাৰ্ণিচাৰ আৰু সঞ্জু জৈনৰ চি এম এণ্টাৰপ্ৰাইজ নামৰ গেলামাল দোকানত ডাম্পাৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত দুয়োখন দোকানৰ যথেষ্ঠ ক্ষতিসাধন হয়।