ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ অশেষ প্ৰচেষ্টাৰ পিছতো চৰকাৰে কটকটীয়া কৰিব পৰা নাই ৰাজ্যৰ আইন ব্যৱস্থা৷ উত্তৰ প্ৰদেশৰ মেৰথত শুকুৰবাৰে নিশা সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই তাৰেই প্ৰমাণ দিয়ে৷ শুকুৰবাৰে নিশা মেৰাঠ ৰাজপথত এটা দুস্কৃতিকাৰীৰ দলে লুট-পাত চলোৱাৰ লগতে এগৰকী নৱ বিবাহিতা কইনাক গুলিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ মেৰাঠ জিলাৰ মোজাফ্ফৰ নগৰৰ মিমলানা জিন্দা পীৰ অঞ্চলৰ নিবাসী বাবুৰ দাদৰীৰ ফৰমানৰ সতে বিয়া থিক হয়৷ শুকুৰবাৰে দুয়োজনে বিয়া সমাপন কৰি নিশা গাজিয়াবাদাৰ পৰা মুজ্জ্ফৰনগৰলৈ আহে৷ কিন্তু মেৰাঠৰ দোৰালা ক্ষেত্ৰৰ ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৰা-কইনা, দৰাৰ ভনী-ভনীজোৱাই আৰু ভাগিনীয়েকজন এখন চুইফট ডিজায়াৰ গাড়ীৰে আহি থকা সময়তে কেইজনমান দুস্কৃতিকাৰীৰ এখন গাড়ীয়ে অভাৰটেক কৰে৷