ডিজিটেল ডেস্কঃ দেশে স্বাধীনতা লাভ কৰাৰ তিনিটা বছৰ পিছত ১৯৫০ চনৰ ২২ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰিছিল এগৰাকী নেতাই৷ এটি সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা নেতাগৰাকীয়ে কেতিয়াও ভবা নাছিল তেওঁৰ জন্ম ঠাই ডোখোৰক এদিন তেওঁ শাসন কৰিব৷ আচবাহাদুৰ চামলিং আৰু আচাৰাণী চামলিঙৰ ঔৰসত জন্ম গ্ৰহণ কৰা নেতাগৰাকী হৈছে পৱন চামলিঙ৷ ৰাজনীতিলৈ অহাৰ পূৰ্বে কৃষিকৰ্ম কৰাৰ লগতে ঠিকাদাৰ আছিল চামলিঙ৷
পৱন চামলিঙে ভাৰতৰ অন্যতম শান্তি আৰু জৈৱ বৈচিত্ৰৰে ভৰপুৰ ৰাজ্য চিকিমক পঞ্চমবাৰৰ বাবে শাসন কৰি আছে৷ চিকিমৰ ডেমক্ৰেটিক ফ্ৰণ্টৰ নেতা পৱন চামলিঙৰ নামটো যোৱা কেইটামান দিন ধৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ কিয়নো তেওঁ গঢ়িলে এক নতুন ইতিহাস৷