ডিজিটেল ডেস্কঃ বিজেপি-পিডিপি মিত্ৰজোঁটৰ চৰকাৰৰ দুই মন্ত্ৰীয়ে জম্মু কাশ্মীৰ কাঠুৱা ধৰ্ষণ কাণ্ডৰ অভিযুক্তক ৰক্ষণা-বেক্ষণ দিবৰ বাবে উলিওৱা ৰেলীত অংশ কৰাৰ অভিযোগ উত্থাপন হোৱাত সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ এই অভিযোগৰ পিছতে নাৰাজ হৈ পৰা মুখ্যমন্ত্ৰী মেহবুবা মুফতিক ৰাজি কৰিবলৈ বিজেপিৰ দুই মন্ত্ৰীয়ে জম্মু কাশ্মীৰ কেবিনেটৰ পৰা পদত্যাগ কৰিছিল৷
তাৰ পিছতে সোমবাৰে জম্মু কাশ্মীৰৰ কেবিনেট সালসলনি কৰি নতুন বিধায়কে মন্ত্ৰীৰূপে শপত লয়৷ জম্মু কাশ্মীৰৰ গান্ধীনগৰৰ বিধায়ক কবিন্দৰ গুপ্তাই উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লয়৷ কবিন্দ্ৰ গুপ্তাই ড০ নিৰ্মল সিঙৰ ঠাইত এই পদ লাভ কৰে৷ ডা০ নিৰ্মল সিং বিজেপিৰ বিধান সভাৰ নেতাৰ দায়িত্ব লয়৷ বিজেপিৰ শতপাল সিং, শক্তিৰাম, ৰাজীৱ জাষ্টৰীয়া আৰু পিডিপিৰ মোহম্মদ খলিল, আশ্ৰাফ মিৰে মন্ত্ৰী ৰূপে শপত লয়৷