ডিজিটেল ডেস্কঃ আপুনি ফেচবুক ব্যৱহাৰ কৰে নে? যদি কৰে তেন্তে ফেচবুক কৰ্তৃপক্ষই আপোনাৰ ফেচবুক একাউণ্টটো সুৰক্ষিত কৰাৰ বাবে বহু নতুন ফিচাৰ সংযোগ কৰাৰ চিন্তা চৰ্চা কৰিছে৷ এই সেৱাৰ কথা আপুনি জ্ঞাত হোৱাটো প্ৰয়োজনীয়৷ জনপ্ৰিয় ছচিয়েল মাধ্যম ফেচবুকৰ ডাটা ফাদিলৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছত ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে নতুন পদক্ষেপ লৈ ফেচবুকৰ একাউণ্ট সুৰক্ষিত কৰিব বিচাৰিছে৷
ফেচবুকে ০১ মে’ত এপ উন্নতি-৮ শীৰ্ষক বিশেষ বৈঠকৰ আয়োজন কৰিছিল৷ বৈঠক আয়োজন কৰাৰ প্ৰধান উদ্দেশ্য আছিল ফেচবুক ব্যৱহাৰকাৰীসকলৰ ডাটা সুৰক্ষিত তথা গোপনীয়তা বৰ্তাই ৰাখিব পৰাৰ সুবিধা প্ৰদান কৰা৷ ফেচবুকৰ মুখ্য বিষয়া মাৰ্ক জুকৰবাৰ্গে বৈঠকত নতুন ফিচাৰ সংযোগ কৰাৰ কথা কৈ যাৰ দ্বাৰা ফেচবুকৰ ব্ৰাউজিং হিষ্ট্ৰি অতি সহজে ডিলিট কৰিব পাৰিব বুলি কয়৷