খেৰণিঃ আদালতে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰাৰ পূৰ্বেই ৰাইজৰ আদালতত দোষী সাব্যস্ত হ’ল এগৰাকী লোক৷ ৰাইজে লোকগৰাকীয়ে ব্যৱসায় কৰি পৰিয়াল চলাই থকা ব্যৱসায় প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰি ভস্মীভূত কৰে৷
পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত বুধবাৰে নিশা একাংশ লোকে এখন ফাৰ্মাচিত অগ্নি সংযোগ কৰি সকলো সামগ্ৰী জ্বলাই দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, যোৱা ১৬ মাৰ্চত হামৰেণ টাউনত ফাৰ্মাচি দি ঔষধৰ ব্যৱসায় কৰি থকা প্ৰদীপ ৰয় নামৰ লোকজনে ড্ৰাগছ জাতীয় ঔষত হোজাইৰ পৰা হামৰেণ অভিমুখে এখন বাইকেৰে আনি থকা অৱস্থাত ধৰা পৰিছিল।