গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধায়ক-২০১৬ বাতিল কৰাৰ দাবীত ৰাজ্যত প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত আছে৷ কেন্দ্ৰীয় চৰকাৰে অসমত অবৈধ হিন্দু নাগৰিকক সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি চৰকাৰক সকিয়নী দি কোনো কাৰণত অসমক বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ এৰি দিয়া নহ’ব বুলি কৈ আহিছে৷
অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলি কৈ আহিছে বিভিন্ন সংগঠনে৷ ইফালে অসমৰ কেইটামান সংগঠনক দিল্লীলৈ মাতি নি যোৱা ১৭ এপ্ৰিলত যুটীয়া সংসদীয় সমিতিয়ে বিশেষ বৈঠক অনুষ্ঠিত কৰাত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ ১৬টা সংগঠনে অংশ লৈছিল৷