ওদালগুৰিঃ দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত চলি থকা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ সদৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ ওদালগুৰি জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
ওদালগুৰিৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে৷ হাতে হাতে প্লেকাৰ্ড লৈ দিনৰ এঘাৰ বজাৰ পৰা দুঘণ্টীয়াকৈ প্ৰতিবাদ সাব্যস্ত কৰি এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত জড়িত একাংশ কৰ্মচাৰীয়ে কোনো ধৰণৰ নীতি নিয়ম পালন নকৰি ভেৰিফিকেশ্বনৰ নামত বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে।