ডিজিটেল ডেস্কঃ কৰ্ণাটকত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ শাসক-বিৰোধী কোনেও পিছপৰি থকা নাই৷ ৰেলী অনুষ্ঠিত কৰাৰ যেন প্ৰতিযোগিতাহে অনুষ্ঠিত হৈছে৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনৰ মুৰে মুৰে ভ্ৰমণ কৰিছে কৰ্ণাটক৷ ৰেলীত অংশ লৈ শাসক-বিৰোধীয়ে বাক যুদ্ধত লিপ্ত হোৱাও পৰিলক্ষিত হৈছে৷
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কেইবাখনো জিলাৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে৷ কালবুৰুগীৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি ‘‘কংগ্ৰেছ জয়ী হ’লে মুষ্টিমেয় সংখ্যক লোকহে উপকৃত হ’ব৷ কিন্তু বিজেপি জয়ী হ’লে সমগ্ৰ ৰাজ্যৰ জনগণৰ ভাল দিন ঘুৰি আহিব’’ বুলি মন্তব্য কৰে৷ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে বৃহস্পতিবাৰে বাল্লাৰী আৰু বাংগালুৰুও ভ্ৰমণ কৰিব৷
ইফালে ঔৰাড জিলাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়েও বিজেপি তথা প্ৰধানমন্ত্ৰীক প্ৰত্যাক্ৰমণ কৰি ‘প্ৰধানমন্ত্ৰীগৰাকী ব্যক্তিগত আক্ৰমণ কৰাৰ বাবে সৰ্বজনবিদিত’ বুলি কটাক্ষ কৰে৷ সভাত ৰাহুল গান্ধীয়ে ‘তেওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, তেওঁক অসন্মান কৰাৰ ধৃষ্টতা আমাৰ নাই’ বুলি মন্তব্য কৰে৷