66
মানহাট্টানঃ পুনৰ আমেৰিকাত বিদ্বেষ-হিংসাৰ বলি মহিলা৷ মানহাট্টানৰ চলন্ত ৰেলতে সংঘটিত হয় এই ঘটনা৷ ৰাজপ্ৰীত হেয়ৰ নামৰ শিখ আমেৰিকান যুৱতীগৰাকীক মধ্য প্ৰাচ্যলৈ উভতি যাবলৈ ভাবুকি দিয়ে অচিনাক্ত লোকে৷
যুৱতীগৰাকীৰ ভাষ্য অনুসৰি লোকজনে চিঞৰি চিঞৰি তেওঁক মধ্য প্ৰাচ্যলৈ উভটি যাবলৈ ধমকি দিছিল৷ উক্ত সময়তে উপস্থিত কেইগৰাকীমান লোকে ৰাজপ্ৰীতক সহায় কৰিবলৈআগবাঢ়ি আহে আৰু আন এগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে৷