গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ পৰা মানুহগৰাকী ক’লৈ গ’ল৷ এই খবৰ কাৰোৰে হাতত নাই৷ পৰিয়ালৰ হাতত নাই, ৰাজ্যৰ বিয়াগোম প্ৰশাসনৰ হাতত নাই৷ প্ৰতিদিনৰ দৰে তেওঁ পুৱাই ওলাই আহিছিল প্ৰাতঃভ্ৰমণৰ বাবে৷ কিন্তু সেই পুৱাটোৰ পৰাই মানুহজনৰ কোনো সন্ধান নাই৷ মানুহজন ক’লৈ গ’ল তাৰ কোনো সম্ভেদ নাই কাৰোৰে হাতত৷
নিৰুদ্দেশ হোৱা লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় নেকি ৰাজ্যৰ বিয়াগোম প্ৰশাসনে৷ সঁচাকৈ এগৰাকী লোক এনেকৈয়ে নোহোৱা হৈ থাকিব পাৰেনে৷ কোনো ষড়যন্ত্ৰৰ বলি হ’ল নেকি মানুহজন৷ কোনো শক্তিয়ে বন্দী কৰিলে মানুহগৰাকীক৷ এতিয়া এনেবোৰ চিন্তাৰ উদ্ৰেক হ’ব ধৰিছে ৰাজ্যৰ মানুহৰ মনত৷ সংবাদ মাধ্যমত প্ৰচাৰ নোহোৱাকৈ অসমৰ বুকুৰ পৰা মানুহ এনেকৈ নোহোৱা হৈ থাকে নেকি বুলিও মানুহে ভাবিব ধৰিছে৷