newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ সময়তে বাক-যুদ্ধত অৱৰ্তীৰ্ণ হৈছে কংগ্ৰেছ-বিজেপি৷ কৰ্ণাটকৰৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী সভা আয়োজন কৰি দলৰ প্ৰচাৰ চলোৱাৰ লগতে বিভিন্ন মন্তব্য প্ৰদানেৰে বিপক্ষক ধৰাশয়ী কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ-বিজেপি৷
কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনীয়া গান্ধী ইটালীয় বুলি আখ্যা দি নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক ভেটিবলৈ চেষ্টা কৰাৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীয়ে৷ ৰাহুলে কয় যে ছোনায়া গান্ধী অন্য বহু ভাৰতীয়তকৈ বেছি প্ৰকৃত ভাৰতীয়৷