newsnextone.com | হোজাইঃ বুধবাৰে হোজাই আৰক্ষীয়ে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে তদন্ত আৰম্ভ কৰে৷ তাৰ লগে লগে আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীক হোজাই আৰক্ষী থানাতবৃহস্পতিবাৰে উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল৷ আৰক্ষীৰে নিৰ্দেশক উলংঘা নকৰি বৃহস্পতিবাৰে জিলী চৌধাৰীৰ সৈতে উপস্থিত হয় অৰ্ধেন্দু দে’ই৷
উল্লেখ্য যে, ৮ মে’ত প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী অৰ্ধেন্দু দে’ই হোজাইৰ এখন সভাত অংশ লৈ ২০ বছৰ আগৰ আৰু এতিয়াৰ দিন একে নাই বুলি কৈ ২০ বছৰ আগত আমাৰ পিছত কোনো নাছিল বুলি কয়৷ এতিয়া আমি কাকো ভয় নকৰো, কেৱল দুই–চাৰিজনৰ দল লৈয়েই অসম নহয়, বহুতক লৈ গঠিত হৈছে অসম ৰাজ্য বুলি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে৷