newsnextone.com | চাবুৱা/ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী,সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷
মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া জ্বলিব ধৰিছে সমগ্ৰ ৰাজ্য৷ বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল মুখ্যমন্ত্রী গৃহ জিলাৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সমূহৰ লগতে চাবুৱাৰ ডিকমবাসী ৰাইজ৷ বিধেয়কখন বাতিলৰ দাবীত ঘৰৰ সমীপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷