newsnextone.com | গুৱাহাটীঃ হিন্দু বাংলাদেশী সংস্থাপন তথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উত্তাল হৈ আছে ৰাজ্য৷ আজিও বিজেপিৰ মন্ত্ৰী, বিধায়ক নেতাই হিন্দু বাংলাদেশী অসমত সংস্থাপন কৰাৰ সপক্ষে মত প্ৰকাশ কৰি আহিছে৷ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নগাঁৱৰ সাংসদ, ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে বিজেপিক হিন্দু বাংলাদেশীয়ে ভোট দিছিল বুলি কৈ বাংলাদেশী সংস্থাপনৰ সমৰ্থন কৰিছিল৷
আনহাতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱো প্ৰতিদিনে ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হোৱা বুলি কৈ বিদেশত নিৰ্যাতিত হিন্দু কলৈ যাব বুলি ওকালতি কৰি অসমত হিন্দু বাংলাদেশীৰ সংস্থাপন সমৰ্থন কৰি গৈছে৷ ইমানে নহয় কিছুদিন পূৰ্বলৈকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাস হুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকী বিজেপিৰ মন্ত্ৰী-বিধায়কে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমৰ মুছলমান বাংলাদেশীৰ বিৰুদ্ধে সমকক্ষ কৰাৰ সপক্ষে যুক্তি দিছিল৷