newsnextone.com | মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত কেইবাটাও জাতীয় সংগঠনৰ নেতৃত্বত ৰাজ পথলৈ ওলাই অহা কেইবাশতাধিক লোকে দেওবাৰে ৰাজ পথ কঁপাই তোলে৷ কেইবাশধিক লোকে ৰাজ পথ কঁপাই অসম ধ্বংসৰ চিন্তা পৰিহাৰ কৰিবলৈ দিল্লীৰ বিজেপি চৰকাৰক সকীয়াই দিয়ে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মাৰ্ঘেৰিটাৰ টিৰাপৰ পৰা দেওবাৰে পুৱাই দহো বন কাটি কৰি থৈ ওলাই অহা কেইবাশতাধিক পুৰুষ মহিলাই আমি মৰি হ’লেও অসম ৰক্ষা কৰিম বুলি শ্ল’গান দি আবেগিক হৈ পৰে৷ পুৰুষ-মহিলাই অসম-অৰুণাচল সীমান্তত দিহিং পাটকাই সমন্বয় ক্ষেত্ৰৰ পৰা সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷