গুৱাহাটীঃ প্ৰেমিক-প্ৰেমিকাসকলৰ দৰে স্বামী-স্ত্ৰীসকলেও কাইলৈৰ পৰা প্ৰতিবছৰে লাভ কৰিব এটা বিশেষ দিন৷ ইতিমধ্যে ৰাজ্যখনৰ ছ’চিয়েল মিডিয়াত সক্ৰিয় লোকসকলে এই দিৱসৰ ব্যাপক প্ৰচাৰ চলাইছে৷ বিশেষকৈ ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰকাৰীসকলে কিছুদিন পূৰ্বৰে পৰা ব্যাপক প্ৰচাৰ চলাই সকলোকে এই উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে৷
ফেচবুক ব্যৱহাৰকাৰীসকলে এই দিনটোৰ সৈতে সতী জয়মতীৰ স্বামী ভক্তিৰ অপূৰ্ব নিদৰ্শনৰ প্ৰসংগ উল্লেখ কৰিছে৷ আহোমৰ তুংখুঙীয়া গোটৰ ৰাজকোঁৱৰ গদাপাণিৰ পত্নী আছিল জয়মতী৷ নিজৰ স্নেহৰ স্বামী তথা দেশৰ হকে জীৱন উৎসৰ্গা কৰি অসমৰ ইতিহাসত বিশেষ মৰ্যদা লাভ কৰা মহিয়সী নাৰী সতী জয়মতী৷