newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৮১ খন আসনত জয়ী হৈছে আনহাতে ২১ খন আসনত আগবাঢ়ি আছে৷ কংগ্ৰেছে এতিয়া লৈ ৫০ খন আসনত জয়ী হোৱাৰ লগতে ২৯ খন আসনত আগবাঢ়ি আছে৷ জেডিএছে ১৭ খন আসনত জয়ী হোৱাৰ লগতে ২১ খন আসনত আগবাঢ়ি আছে৷
পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে বিজেপি আগবাঢ়িছে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা ক্ষীণ দেখা গৈছে৷ কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰা পিছ পৰি ৰ’ব বুলি অনুমান কৰা হৈছে৷ ফলত জিডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া খাটাং৷