newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিয়ে দলৰ কেন্দ্ৰীয় নেতা আৰু কৰ্ণাটক বিজেপিৰ নেতা য়েদুয়াৰাপ্পা সহ এটা দলে ৰাজ্যপালক সাক্ষ্যৎ কৰাৰ পিছতে বিজেপিয়ে বাজ্যৰ বৃহৎ দল আৰু তেওঁলোকে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰাৰ পিছতো চৰকাৰ গঠন কৰিব অহা বুলি কটাক্ষ কৰে য়েদুয়াৰাপ্পাই৷
ৰাজনৈতিক পৰিবেশ গৰম হৈ থকাৰ সময়তে বিজেপিয়ে দিল্লীৰ মুখ্য কাৰ্যালয়ত সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব পৰা যায়৷ সংসদীয় সমিতিৰ বৈঠকত বিজেপিয়ে কৰ্ণাটকৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে চৰকাৰ গঠন কৰাৰ বাবে পৰিকল্পনা কৰিব পাৰে৷