newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱে কিছু দিনৰ বাবে কাৰাগাৰৰ পৰা মুক্ত হৈ সকাহ লাভ কৰিছে৷ ৰাঁচী উচ্চ ন্যায়ালয়ে লালুৰ শাৰীৰিক অসুস্থতালৈ লক্ষ্য ৰাখি ৬ সপ্তাহৰ বাবে চিকিৎসাৰ বাবে জামিন প্ৰদান কৰে। কিন্তু এই মুক্তি প্ৰক্ৰিয়াৰ আবেদন আদালতৰ মজিয়াত স্তব্ধ হৈ ৰোৱাত দুদিন ধৰি নিৰাশাৰ মাজত অপেক্ষা কৰিবলীয়া হয় লালুৱে৷ শেষত দুটা নিশা কাৰাগাৰৰ ভিতৰত কটোৱাৰ পিছত বুধবাৰে লালুৰ সাময়িক মুক্তিৰ আবেদনত ৰায় দিয়ে ৰাঁচী আদালতে৷
প্ৰকৃততে আৰজেডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক সাময়িক মুক্তি প্ৰদান কৰাৰ পিছতো মুক্তি প্ৰক্ৰিয়া কাৰ্যকৰী কৰাত পলম হোৱা বাবে লালুৱে ঘৰলৈ উভটিব পৰা নাছিল৷ ৰাঁচী আদালতে লালুৰ মুক্তি পত্ৰ চিবিআইলৈ প্ৰেৰণ কৰিব নোৱাৰাত লালুৰ মুক্তি প্ৰক্ৰিয়া চিবিআইত স্থগিত হৈ ৰয়৷ কিন্তু বুধবাৰে চিবিআই আদালতে লালুৰ জামিনৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি লালুৰ মুক্তি নিশ্চিত কৰে৷