newsnextone.com | লংকা/গোৰেশ্বৰঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰাৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নিজৰ মত ব্যক্ত কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজক প্ৰতিবাদ কৰি যাবলৈ আহ্বান জনাই আহিছে৷ সমানে চৰকাৰক সকীয়াই এই আইন বাতিল কৰাৰ দাবী জনাই আহিছে জুবিনে৷
যাৰ ফলত জুবিন গাৰ্গে বৰ্জনৰ সন্মুখিন হ’ব লগা হৈছে একাংশ বিশেষ লোকৰ দ্বাৰা৷ লামডিঙত জুবিন গাৰ্গে অনুষ্ঠান পৰিবেশন কৰিব যোৱাৰ পূৰ্বেই একাংশ লোকে ছচিয়েল মিডিয়াত জুবিনৰ বিৰুদ্ধে বিতৰ্কিত পোষ্ট দি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনাই অহাত জুবিনৰ লামডিঙৰ অনুষ্ঠান বাতিল কৰিব লাগে বুলি কৈছিল৷ এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷