newsnextone.com | নগাঁওঃ আমি অসমীয়াই বিহু-কলা-সংস্কৃতিৰ লগত জড়িত হৈ থকাৰ সময়তে বিদেশীয়ে অসমত খোপনি পুতি আমাৰ জাতিটোৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে। সেয়ে আমি কলা সংস্কৃতি জীয়াই ৰাখিও আমাৰ জাতিটোৰ সুৰক্ষাৰ বাবে সজাগ হৈ থাকিব লাগিব। এই মন্তব্য আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতীয়াৰ।
বুধবাৰে নগাঁও জিলাৰ চকলাঘাটত আয়োজিত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ মুকলি জেং বিহু প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি সংযুক্ত মুক্তি বাহিনী অসমৰ সাধাৰণ সম্পাদকগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কয় যে এই বিধেয়ক খন অসমত বাস কৰা খিলঞ্জীয়া লোক সকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে অসমীয়া জাতি ধ্বংস কৰিব।