newsnextone.com | ডিজিটেল ডেস্কঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত নতুন ৰেকৰ্ড গঢ়িছে৷ প্ৰতিদিনে বৃদ্ধি হৈ থকা পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্যই এতিয়া সাধাৰণ-নিম্ন-মধ্যবিত্তক জ্বলা-কলা খুৱাইছে৷ মূল্য বৃদ্ধি বন্ধ হোৱাৰ আশ্বাস দি শাসনৰ গাদীত অধিষ্ঠিত হোৱা কেন্দ্ৰৰ মোডী চৰকাৰে প্ৰতিদিনে বৃদ্ধি কৰিছে পেট্ৰল-ডিজেলৰ মূল্য৷ যাৰ ফলত মোডীক মিথ্যাচাৰী আখ্যা দিবলৈও কুণ্ঠাবোধ কৰা নাই সাধাৰণ জনতাই৷
কৰ্ণাটক নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পূৰ্বৰে পৰা ক্ৰমাগত ভাৱে বৃদ্ধি হৈ আহিছে পেট্ৰল-ডিজেলৰ মূল্য৷ বৃহস্পতিবাৰে আকৌ এবাৰ চৰকাৰৰ মূল্যবৃদ্ধিৰ নীতি স্পষ্ট কৰি চতুৰ্থবাৰৰ বাবে বৃদ্ধি কৰা হ’ল পেট্ৰল আৰু ডিজেলৰ দাম৷ যাৰ ফলত বৃদ্ধি কৰা হৈছে বাছ-ট্ৰেকাৰ আদিৰ ভাড়াও৷ তেনে পৰিস্থিতিত অসুবিধাৰ সন্মুখীন হৈছে দেশৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল৷