newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত চলি থকা কংগ্ৰেছ-বিজেপিৰ হাই ড্ৰামাৰ মাজতে কংগ্ৰেছে গোৱাৰ বৃহৎ দল হিচাপে গোৱাত চৰকাৰ গঠনৰ দাবি উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে৷ এই উপলক্ষে কংগ্ৰেছৰ গোৱা দায়ত্ববাহী সচিব চেল্লা কুমাৰ বৃহস্পতিবাৰে গোৱাত উপস্থিত হয়৷ শুকুৰবাৰে চেল্লা কুমাৰে ৰাজ্যপালক সাক্ষাত কৰি গোৱাৰ বৃহৎ দল হিচাপে কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ দাবী জনাব৷ লগতে জনিব পৰা মতে, ৰাজ্যপালৰ সন্মুখত কংগ্ৰেছ বিধায়কৰ দ্বাৰা পেৰেড কৰোৱাৰো সম্ভাৱনা আছে৷
বৃহস্পতিবাৰে কংগ্ৰেছৰ গোৱা সচিবগৰাকীয়ে গোৱা অভিমুখে যাত্ৰা আৰম্ভ কৰে৷ তেওঁৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাও গোৱালৈ বুলি ৰাওনা হয়৷ গোৱাত কংগ্ৰেছৰ ১৬ গৰাকী বিধায়কে ৰাজ্যপাল ভৱনলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ গোৱাৰ বৃহৎ দল হিচাপে কংগ্ৰেছক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱা উচিত বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাই৷