newsnextone.com | গুৱাহাটীঃ ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত চাকৰিৰ বজাৰ বহা বুলি সময়ে সময়ে newsnextone.comক একাংশ লোকে অভিযোগ দি আহিছিল৷ বিশেষকৈ বিচিপিএলত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰে লোকসকলে৷ তাৰ পিছতে newsnextone.comৰ সাংবাদিকে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত চলোৱা অভিযানত পোহৰলৈ অহা তথ্য মতে লোকসকলৰ অভিযোগ প্ৰায় সত্য বুলি প্ৰমাণিত হয়৷ কিন্তু আৰক্ষী আৰু প্ৰশাসনে তদন্ত কৰিলেহে প্ৰকৃত সত্য উৎসাঘন হ’ব বুলি ভাবে newsnextone.com-এ৷
ব্ৰহ্মপুত্ৰ গেছ ক্ৰেকাৰ আৰু পলিমাৰ কোম্পানী চমুকৈ BCPLত চাকৰি দিয়াৰ নামত চলোৱা এখন বজাৰৰ কথা newsnextone.com-এ পোহৰলৈ আনিবলৈ সক্ষম হয়৷ বহু লোকৰ অভিযোগৰ ভিত্তিত চলোৱা অভিযানত নয়ন গগৈ নামৰ লোক এজন ধৰা পৰে৷ নয়ন গগৈয়ে এমাহৰ ভিতৰতে চাকৰি দিব পাৰিব বুলি দাবী কৰে৷ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰথমে ৮-১০ হাজাৰ টকা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দৰকাৰ বুলি কয়৷