newsnextone.com | ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্তত বিজেপিৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰs৷ বিধানসভাত আবেগিক ভাষণ প্ৰদান কৰি পদত্যাগ কৰে তেওঁ৷ কম সময়ৰ ভিতৰতে পট পৰিৱৰ্তন হয় কৰ্ণাটক বিধান সভাৰ ভিতৰচৰাত৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদুয়ুৰাপ্পাই আস্থাভোটৰ পূৰ্বে দিয়া ভাষণৰ পিছতে বিধানসভাৰ পৰা ওলাই আহে৷
শনিবাৰে কৰ্ণাটক বিধান সভাত কংগ্ৰেছ আৰু বিজেপি দলৰ কেইবাগৰাকী নেতাক বিধান সভাৰ ভিতৰত দৰ্শকৰ কক্ষত দেখা গৈছিল৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গোলাম নবী আজাদ, অশোক গেহলট, মল্লিকাৰ্জুন খাৰ্গে, বিজেপি নেতা অনন্ত কুমাৰ, শোভা কৰমন্দলাজে উপস্থিত থাকে বিধান সভাৰ দৰ্শকৰ কক্ষত৷