newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ এগৰাকী সক্ৰিয় ৰাজহুৱা কৰ্মী, দুৰ্নীতি ভ্ৰষ্টচাৰৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি অহা বিবেক দাসৰ শনিবাৰে এখন গ্ৰন্থ উন্মোচন কৰা হয়৷ সংবাদ মাধ্যমৰ জৰিয়তে হওঁক নতুবা ৰাজপথতে হওঁক অসহায়, দৰিদ্ৰ, শ্ৰমিকৰ হৈ মাত মাতি অহা দাসে ব্যস্ততাৰ মাজতো লিখি উলিওৱা গ্ৰন্থ ‘এজন দেশদ্ৰোহীৰ(?) বক্তব্য’ শনিবাৰে উন্মোচন কৰে লোকশিল্পী লোকনাথ গোস্বামীয়ে৷
চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা প্ৰতিবাদী মনৰ কথাবোৰ গ্ৰন্থ আকাৰে প্ৰকাশ কৰি শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰে৷ উন্মোচনী সভাত সভাপতিত্ব কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ বৰাই। গ্ৰন্থখনৰ লেখক দাসে বিজেপি শাসনত অহাৰ পিছৰে পৰা সমগ্ৰ ভাৰতবৰ্ষতে সংঘটিত হোৱা অভূতপূৰ্ব ঘটনা আৰু সামাজিক সমস্যাৰ এক নিৰ্মোহ বিশ্লেষণ দাঙি ধৰাৰ চেষ্টা কৰে গ্ৰন্থৰ জৰিয়তে।