newsnextone.com | জাজৰিঃ বাংলাদেশৰ হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ ভাৰত চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি শনিবাৰে নগাঁৱৰ বটদ্ৰৱা সমষ্টিত গণ স্বাক্ষৰ সংগ্ৰহ কৰে অসম গণ পৰিষদে৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি বিভিন্ন দল সংগঠনে বিভিন্ন কৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ সমগ্ৰ ৰাজ্যজুৰি গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে।