56
newsnextone.com | গুৱাহাটীঃ এখন চাৰিকোনিয়া ডাঙৰ টেবুলৰ চৌদিশে কেইগৰাকীমান পুৰষ-মহিলা বহি আছে৷ দুগৰাকী লোক সমীপত থিয় দি আছে৷ পুৰুষৰ ভিতৰত এগৰাকী অগপৰ বিধায়ক আনগৰাকী বিজেপি দলৰ বিধায়ক৷ টেবুলত লাগি থকা চকীত দুগৰাকী মহিলা বহি আছে ইয়াৰে এগৰাকী বিজেপি দলৰ বৰ্তমানৰ বিধায়িকা বুলি চিনিব পাৰি যদিও আন মহিলাগৰাকীৰ পৰিচয় জানিব পৰা নাযায়৷ পুৰুষ-মহিলা সকলোৰে সন্মুখত পানীৰ গিলাচ আৰু প্লেটত খোৱা বস্তু আছে৷