newsnextone.com | ওদালগুৰিঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ওদালগুৰিতো বিভিন্ন দল-সংগঠনে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওদালগুৰি জিলা সমিতিয়ে প্ৰচাৰ পত্ৰ বিতৰণেৰে ৰাইজৰ মাজত সজাগতা অভিযান চলায়।
প্ৰায় প্ৰতিদিনে ওদালগুৰি জিলাৰ কলাইগাওঁৰ পৰা আৰম্ভ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত জোৰদাৰ প্ৰচাৰ অভিযানৰ কাৰ্যসূচী হাতত লয়। ওদালগুৰি সদৰত সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ এটা দলে প্ৰতিখন দোকান, বজাৰ আদিত ব্যাপক প্ৰচাৰ অভিযানৰ মাজেৰে সাধাৰণ ৰাইজক বিধেয়কখনৰ ভয়াবহতা সম্পৰ্কে বুজাই দিয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি দীপক শৰ্মাই সাংবাদিকৰ সন্মুখত মত ব্যক্ত কৰি কয় যে এইখন এখন ৰাজ্যবাসীৰ বাবে অতিশয় বিষাক্ত বিধেয়ক।