newsnextone.com | লখিমপুৰঃ সমস্যা বহুল বান ক্ষতিগ্ৰস্ত লখিমপুৰ জিলাৰ তিনিছাত্ৰই জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাৰ তিনিগৰাকী পৰীক্ষাৰ্থীয়ে সুস্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে৷ তিনিগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ কৰে৷ হৃত্বিক শ্যাম শইকীয়া, বিদাৰ্ষণ দত্ত আৰু কল্পজ্যোতি গগৈয়ে দহগৰাকীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷
লখিমপুৰ জিলাৰ ছেইণ্ট মাৰিয়াছ হাই স্কুলৰ পৰীক্ষাৰ্থী হৃত্বিক শ্যাম শইকীয়াই আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি চতুৰ্থ স্থান দখল কৰে৷ হৃত্বিক শ্যাম শইকীয়াই ৫৯০ নম্বৰ লাভ কৰে৷