newsnextone.com | গুৱাহাটীঃ নামী-দামী ব্যক্তিগত শিক্ষানুষ্ঠাৰে ভৰি পৰা গুৱাহাটী মহানগৰীত পূৰ্বৰ দৰে নাই শিক্ষানুষ্ঠানত পৰীক্ষাৰ ফলাফল৷ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ইয়াকে প্ৰমাণ কৰে৷ ৰাজধানী মহানগৰীয়ে পূৰ্বৰ ধাৰা অটুট ৰাখিব পৰা নাই যদিও এখন শিক্ষানুষ্ঠানে মান ৰাখে গুৱাহাটী নহানগৰীৰ৷
আভিজাত্যৰ ভেমত ব্ৰতি হৈ পৰা মহানগাৰীক যেন গাঁৱৰ বোকা পানীয়ে প্ৰত্যাহ্বানহে জনাইছে৷
আভিজাত্যৰ ভেম তচনচ কৰি অখ্যাত গাঁও, মফচলীয়া চহৰৰ দৰিদ্ৰ, খাটিখোৱা, মধ্যবিত্তৰ সন্তানে উজলি উঠিছে প্ৰতিটো পৰীক্ষাত৷ যোৱা কেইবাটাও বছৰৰ দৰে এইবেলিও গাঁৱৰ মেধাই জিলিকি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ব্যক্তিগত বিদ্যালয়েৰে ভৰি থকা মহানগৰীৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰে যদিও এয়া সন্তোষ জনক নহয় বুলি কয় একাংশ সচতন অভিভাৱকে৷