newsnextone.com | গুৱাহাটীঃ অচ্ছে দিনৰ শ্ল’গান দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ দিনত পেট্ৰলৰ মূল্যবৃদ্ধিয়ে জনগণক মাধমাৰ শোধাই নতুন ৰেকৰ্ড গঢ়িলে৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি গুৱাহাটী মহানগৰীত শনিবাৰে পুৱাৰে পৰা প্ৰতি লিটাৰ পেট্ৰল ৮০.১৪ টকা দৰক বিক্ৰী হৈছে৷ যাৰ ফলত একাংশ লোকে প্ৰশ্ন কৰিছে এয়াই আছিল নেকি অচ্ছে দিন৷ শুকুৰবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম আছিল ৮০.০৩ টকা।
দেশৰ জনগণে এতিয়া হাহাকাৰ কৰিব লগা হৈছে সেই কথাও সঁচা, কিন্তু চৰকাৰে এই কথা বুজিবলৈ চেষ্টা কৰা নাই বুলি একাংশ লোকে কব খোজে৷ অচ্ছে দিনৰ শ্ল’গান দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ কাৰ্যকালত পেট্ৰলৰ অত্যাধিক মূল্যবৃদ্ধি হোৱাত সাধাৰণ লোকে মূৰে কপালে হাত দিব লগা হৈছে৷