newsnextone.com | নগাঁওঃ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলাই ঘৰত অকলে থকাৰ সময়ত শনিবাৰে নিশা এটি যুৱকৰ দলে ধৰ্ষণৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ বটদ্ৰৱাৰ বৰভেটিত সংঘটিত হৈছে এই ঘটনা৷ মহিলাগৰাকীয়ে স্বামী নথকাত ঘৰত অকলে থকা অৱস্থাত মাজ নিশা চাৰিজনকৈ লোকে ধৰ্ষণৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হয়৷
ৰাজ্য কপোঁৱা নগাঁৱৰ বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা সময়তে পুনৰ বটদ্ৰৱাৰ বৰভেটিত এনে কাণ্ড সংঘটিত হোৱাত লজ্জানত হৈ পৰিছে সভ্য সমাজ৷ ইছলামধৰ্মীৰ পবিত্ৰ ৰমজান মাহ চলি থকাৰ সময়তে বটদ্ৰৱা থানাৰ অন্তৰ্গত বৰভেটি গাঁৱত সংঘটিত এই ঘটনাই পুনৰ লজ্জানত কৰিলে বটদ্ৰৱাবাসীক৷ শনিবাৰে নিশা ২ বজাত বৰভেটিৰ অতি দৰিদ্ৰ ৫ সন্তানৰ মাতৃ এটি উৰুখা পঁজাত শুই থকা অৱস্থাত একে গাঁৱৰে চাৰি চাৰিজনকৈ লোকে ঘৰৰ বেৰ ভাঙি প্ৰথমে মহিলাগৰাকীক চোকা অস্ত্ৰৰে আঘাত কৰে।