newsnextone.com | তেজপুৰঃ এই চৰকাৰ আৰু এবছৰ থাকিলে আমাৰ অৱস্থা কেনেকুৱা হ’ব সেই কথা আপোনালোকে নিজেই অনুমান কৰি লওক৷ এই সংগ্ৰাম চমু নহয় এই সংগ্ৰাম হ’ব দীঘলীয়া৷ এই সংগ্ৰাম হ’ব গণতান্ত্ৰিক আৰু হিন্দু-মুছলমানৰ বিৰুদ্ধে কাজিয়া লগাব খোজাসকলৰ বিৰুদ্ধে৷ সোমবাৰে তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বৃহৎ সমদল আৰু গণ সমাবেশত অংশ লৈ এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই৷
তেজপুৰৰ ঐতিব্যমণ্ডিত জয়মতী পথাৰৰ পৰা উলিওৱা সমদলৰ পূৰ্বে অনুষ্ঠিত এখন সভাত কেইবা হাজাৰ লোকৰ উপস্থিতিত ভাষণ প্ৰদান কৰি সাংবাদিকগৰাকীয়ে আজি বিজেপিৰ হাতত কোনো এজেণ্ডা নাই বুলি কৈ ইতিমধ্যে তেওঁলোক ধনিক শ্ৰেণীৰ পকেটক সোমাই গৈছে বুলি কয়৷ বিজেপি এতিয়া অনা-অসমীয়াৰ পকেটক সোমাই গৈছে৷ খিলঞ্জীয়া মানুহৰ ভোট লৈ তেওঁলোকে এতিয়া খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে বুলি কয় ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই৷