newsnextone.com | ডিজিটেল ডেস্কঃ দেশত স্বদেশী আন্দোলন আৰম্ভ কৰা বাবা ৰামদেৱে এইবাৰ আৰম্ভ কৰিলে টেলিকমৰ ব্যৱসায়৷ সোমবাৰে বাবা ৰামদেৱে স্বদেশী চিমকাৰ্ড মুকলি কৰে৷ 

স্বদেশী টুটপেষ্ট, নুডলছ, চাবোন উৎপাদন কৰা বাবা ৰমাদেৱে এইবাৰ টেলিকমৰ ব্যৱসায়ত নামি পৰিল৷ দেওবাৰৰ পৰা বজাৰলৈ আহিছে পতঞ্জলি চিমকাৰ্ড৷ বাবা ৰামদেৱৰ আয়ুৰ্বেদ কোম্পানীয়ে দেশৰ চৰাকৰী টেলিকম সেৱা বিএছএনলৰ সৈতে লগলাগি বজাৰত মুকলি কৰে স্বদেশী চিমকাৰ্ড৷ 

প্ৰথম অৱস্থাত এই চিমকাৰ্ড লাভ কৰিব পতঞ্জলিৰ বিষয়া-কৰ্মীয়ে৷ তাৰ পিছতে আন লোকেও ব্যৱহাৰ কৰিব এই চিমকাৰ্ড৷ চিমকাৰ্ড তথা সংযোগ লোৱা সকলে ২.৫ লাখ টকাৰ স্বাস্থ্য বিমা আৰু জীৱন বিমাৰ সেৱা লাভ কৰিব৷ দেশৰ সমৃদ্ধিৰ বাবেই এই চিমকাৰ্ড মুকলি কৰা বুলি কয় ৰামদেৱে৷