newsnextone.com | গুৱাহাটীঃ জাতিৰ বাব পুনৰ একত্ৰিত হোৱাৰ সময় হৈছে৷ বিদেশীয়ে অসমীয়াৰ মাটি ভেটি দখল কৰাৰ আগতেই অসমীয়াই হাতে হাত ধৰি একত্ৰিত হোৱাৰ সময়৷ যদি আজিয়েই অসমীয়াই একত্ৰিত নহয়, তেন্তে নিজৰ মাটিতেই এদি অসমীয়াই ভগনীয়া হ’ব লাগিব৷ অসমীয়াৰ স্বাৰ্থৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ খনেও আজি ওলেটাখৰ লগাইছে৷ জাতি-মাতি-ভেটি ৰক্ষাৰ হকে মাত মাতিম বুলি কোৱা চৰকাৰখনে এতিয়া অসমৰ মাটিত বিদেশীক থাপি ৰাজ্যবাসীলৈ কাল অমানিশা চপাই অনাৰ চক্ৰান্তত ব্যস্ত হৈ পৰিছে৷
এনেবোৰ কথাই এতিয়া অসমীয়াৰ মুখে মুখে শুনিবলৈ পোৱা যায়৷ বহু আশা বুকুত সাচি দুবছৰ পূৰ্বে অসমৰ ৰাজ ভাৰ চমজি লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰি অসমবাসীক নিশ্চিত সংকতৰ মাজলৈ থেলি দিব বিছাৰিছে বুলি বহুতেই মন্তব্য কৰিব ধৰিছে৷