newsnextone.com | বিহালীঃ মঙলবাৰেও ৰাজ্যৰ কেইবাটাও সংগঠনে বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটী মহানগৰীকে ধৰি কেইবাখনো জিলাত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক এই বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিশ্বনাথ জিলাৰ জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰাৰ দাবীত কেইবাশতাধিক ৰাইজৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে৷